Ring ring
kkallol.xtgem.com
"আত্মহত্যাৰ
তৃতীয় পৃষ্ঠা"

(ধাৰাবাহিক আত্মজীৱনীমূলক গদ্য)

(১) পানশালাৰ কাষত প্ৰেয়সীৰ মৃতদেহ

এদিন এজনী যুৱতীক ভাল লাগি গ'ল । তাৰ পিছত বন্ধু এজনে তাইৰ ঠিকনা দিলে । তাৰ পিছত এদিন বন্ধুজনৰ লগত তাই থকা পানশালাখনলৈ গৈছিলোঁ । সঁচাকৈয়ে তাই এজনী ধুনীয়া যুৱতী । তাইৰ মাকৰ লগত সন্ধিয়া তায়ো পানশালাতে থাকে । সন্ধিয়া সময়ত গ্ৰাহকৰ ভিৰ হয় । সেয়ে মাকক সহায় কৰিবলৈ তাইয়ো তাতে থাকে । গ্ৰাহকক মদিৰা ঢালি দিয়ে । তাৰ পিছত তেতিয়া প্ৰায়েই সন্ধিয়া সন্ধিয়া সেইখন পানশালালৈ গৈছিলোঁ । মদ খাবলৈ নহয় । তাইক চাবলৈ । তাই মদ বাকে মই চাই থাকোঁ । তাইৰ দুচকুৰ মদিৰাত ডুব যাওঁ । তাতে যোৱা মানে একেবাৰে মদ্যপান নকৰাকৈতো আহিব নোৱাৰি । এনেদৰেই আৰম্ভ হ'ল মোৰ অহা যোৱা । তাইৰ লিহিৰি আঙুলিৰে যেতিয়া মোলৈ আগবঢ়াই দিয়ে মদিৰাৰ গিলাচ তেতিয়া মই মদিৰাবোৰকে মৃতসঞ্জীৱনী সুৰা বুলি পান কৰোঁ । সকলো গ্ৰাহক গৈ পোৱাৰ আগতেই মই গৈ পানশালাত উপস্থিত হওঁ । সকলো গ্ৰাহক গুচি যোৱাৰ পিছত হে মই পানশালাৰ পৰা ওলাই আহোঁ । আজৰি সময়ত তাইৰ লগত কথা পাতোঁ । তেতিয়া মই HS Final Exam দিছিলোঁ । আৰু তাই মেট্ৰিক পৰীক্ষা । মই HS পাচ কৰি B.A. 1st yearত উঠিলোঁ আৰু তাই HS 1st yearত । তেতিয়া তাইক কলেজত লগ পোৱা হ'লোঁ । আকৌ সন্ধিয়া পানশালাত । সিহঁতৰ পানশালাটোলৈ যিটো গলিৰে যাব লাগে। সেইটো এটা নিষিদ্ধ গলি । ক্ষুধাতুৰ বেশ্যাবোৰে হাত বাউলি মাতে । কেতিয়াবা সিহঁতৰ ফালে চাওঁ । খুব দুখ লাগি যায় । ১৩ বছৰীয়া ছোৱালীৰপৰা ৬০ বছৰীয়া বৃদ্ধালৈকে সকলোৱে ক্ষুধাতুৰ । আনহাতে সেইটো গলি পাৰ হৈয়ে সিহঁতৰ ঘৰ । ঘৰ লগতে পানশালা । সেইখন গলিত তাই কিছু ব্যতিক্ৰম । কাৰণ তাই বেশ্যাবৃত্তিক গ্ৰহণ কৰা নাই । কিন্তু পেটৰ ক্ষুধাৰ বাবে পানশালা খুলিছে । তাই মদ বাকে । মই তাতে জীৱনৰ সুধা বিচাৰি পাওঁ ।

লাহে লাহে আমাৰ প্ৰেমৰ সম্পর্ক বাঢ়ি <আহিল । তাই মোক মদ খাবলৈ বাধা দিয়ে । মই কওঁ "মদ নাখালে তোক সন্ধিয়া কেনেকৈ লগ পাম ?" তাই কয় "কলেজত লগ পাওঁ দেখোন" । মোৰ মনে নামানে । সন্ধিয়া তাইক নেদেখিলে টোপনি নাহে । তাইৰ কথামতে কমকৈ খাওঁ । আমি দুয়ো দুয়োৰে প্ৰেমত উন্মাদ হৈ উঠিছিলোঁ । কিন্তু সময় বৰ নিষ্ঠুৰ ।

তাইক লগ পাওঁ । মদ খাওঁ । জীৱনটো সঁচাকৈয়ে জীৱন নে ? তাই মদ খাবলৈ বাধা দিয়ে । ঘটনাটো বেছি দীঘলিয়া নকৰোঁ । আত্মহত্যাৰ তৃতীয় পৃষ্ঠা । সমাজ ! সময় ! বৰ নিষ্ঠুৰ । তাই মদ বাকে । মই পান কৰোঁ । কেইদিনমান বেমাৰৰ বাবে পানশালালৈ যাব পৰা নাছিলোঁ । তাই মোলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল । সেইখনে আত্মহত্যাৰ তৃতীয় পৃষ্ঠা । হিন্দী ভাষাত লিখা । তাই বিহাৰী ছোৱালী । মদিৰা বিৰোধী এটা হিন্দু মৌলবাদী সংগঠনে সিহঁতৰ বিৰুদ্ধে ফতোৱা জাৰি কৰিছিল । মদ বিক্ৰী কৰাত বাধা প্ৰদান কৰিছিল । তাৰ পিছতো মদ বিক্ৰী কৰাৰ অপৰাধত তাইক ধর্ষন কৰাৰ ধমক দিছিল । তাই মোলৈ পত্ৰ প্ৰেৰণ কৰিছিল । কিন্তু পত্ৰখন পাওঁতে পলম হ'ল । আৰু তেতিয়া বেমাৰৰ বাবে পানশালালৈ যাব পৰা নাছিলোঁ ।

সিদিনা দেওবাৰ । বেমাৰ অলপ ভাল পোৱাত বাইকলৈ বজাৰলৈ গ'লোঁ । বজাৰত হুলুস্থূল । আগবাঢ়ি গ'লোঁ । যি কথা শুনিলোঁ তাতে মই উন্মাদ হৈ উঠিলোঁ । আগবাঢ়ি পানশালালৈ যোৱা গলিটোৰে আগবাঢ়িলোঁ । পানশালাৰ কাষৰ ৰেল ৱে লাইনত পৰি আছে মোৰ প্ৰেয়সীৰ নিথৰ মৃতদেহ । মই দৌৰি গৈ তাই তাইক চুব বিচাৰোঁতে পুলিচে বাধা দিলে । মই জীৱিত আছোঁ নে মৰি গৈছোঁ ধৰিব পৰা নাই । সর্বস্ব হেৰুৱাই মই পাগল যেন হৈ গ'লোঁ । মোৰ বুকুখন পুৰি ছাঁই হৈ গৈছে । তাইৰ অবিহনে মই জানো জীয়াই থাকিব পাৰিম !

দুদিন পিঠত তাইৰ অন্তঃষ্ঠিক্ৰিয়া । স্মশান ! মই নিজকে কণ্ট্ৰল কৰিব পৰা নাছিলোঁ । সিদিনা ৰাতিপুৱাৰ পৰা আবেলিলৈকে ১৫০ টকাৰ চুলাই মদ খাই উন্মাদ হৈ আছিলোঁ ।

তাইৰ মৃত্যু এটা ৰহস্য হৈয়েই ৰ'ল । কোনো তদন্ত নহ'ল । পুলিচৰ ডায়েৰীত আত্মহত্যা বুলি লিখিলে ।

সময় বাগৰিল । পৰিস্থিতি আগৰ দৰে হ'ল । তেতিয়া মদিৰা বিক্ৰী বন্ধ কৰিবলৈ আৰু কোনেও বাধা নিদিয়া হ'ল । দুমাহ পিছত ক্ষুধাৰ যন্ত্ৰণাত তাইৰ মাকে আকৌ পানশালা খুলিলে । এনেদৰে বহুদিন গ'ল । তাৰ পিছত আকৌ মদিৰা বিক্ৰী বন্ধ কৰিবলৈ আন এটা সংগঠনে হুংকাৰ দিলে । তথাপিও চলি আছিল । পানশালা বিলাক চলি থকাৰো কাৰণ আছে । এফালে ভোকৰ যন্ত্ৰণা আনফালে যি দলৰ পৰা বাধা দিয়ে সেই দলৰে কিছুমান ব্যক্তিয়ে ফ্ৰিতে মদ খাই বেছিবলৈ সাহস দিয়ে ।

তাইৰ মৃত্যুৰ দুবছৰ পিছৰ ঘটনা । আবেলি সময় । বজাৰলৈ ওলাই গ'লোঁ । পানশালালৈ গৈ দেখিলোঁ আৰু শুনিলোঁ যে সিহঁতৰ ঘৰ তথা পানশালা মাজনিশা অচিনাক্ত দুর্বিত্তই জ্বলাই দিছে । সিদিনা তাইৰ মাকক লগ নাপালোঁ ।

তাৰ পিছত তাইৰ মাকৰ খবৰ সিহঁতৰ চুবুৰীয়া তথা আন বহুতকে সুধিছিলোঁ । কিন্তু কোনেও নাজানে । তাইৰ মৃত্যুৰ দুবছৰ পিছত তাইৰ মাক নিৰুদ্দিষ্ট হ'ল । তাইৰ মাক এতিয়া জীয়াই আছে নে নাই সেয়া গম নাপাওঁ ।

স্মৃতি ! উফ্ বৰ যন্ত্ৰণা !
সময় ! সময়ে কেতিয়া কাৰ জীৱনলৈ কি আনে সেয়া কোনেও নাজানে । কিছুমান অলিখিত ইতিহাসে আজিও মোৰ বুকুখন পুৰি থাকে ।


ණ কন্দর্পজিৎ কল্লোল


মুখ্য পৃষ্ঠা